ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি । ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন-প্ৰণালীটোক ভাঙ্গি-ছিঙি ভিন ভিন কৰি দেখুৱাই দিয়ে, আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে । যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি-ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে । সেই দেখি এক ৰকমে চালে যাৰ যি ভাষা তাক সেই ভাষাৰ ব্যাকৰণ নালাগেই । ব্যাকৰণ নিশিকাকৈয়ে সি সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে, তাক ব্যাকৰণ লাগে কেৱল ভাষাটোৰ ভিতৰুৱা গঠন সিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ । কিন্ত্ত যি এটা ভাষা ন-কৈ শিকিব খোজে, সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে ।

- সত্যনাথ বৰা


এই একে উদ্দেশ্য মনত ৰাখি সত্যনাথ বৰাদেৱ ৰচিত “বহল ব্যাকৰণ” ৰ আলমত এই অন্‌লাইন সঁজুলিসমূহ অআকখ গোটৰ সদস্যৰ দ্বাৰা লিখি উলিওৱা হৈছে । কিছু কিছু সময়ত পঢ়ুৱৈৰ ৰুচিকতাৰ বাবে আধুনিকতাৰ সংমিশ্ৰণো কৰা হৈছে । অআকখ গোটৰ এই প্ৰচেষ্টাই নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাটি আৰু দ-কৈ বুজি পাবলৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ ।

অআকখ গোট

তাং – ২৮/০৫/২০১৪

মিচিগান, আমেৰিকা